বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত UNITY, We the Blood Donorsৰ দ্বাৰা সফল ৰক্তদান শিবিৰ

TIN NETWORK
FacebookWhatsAppTelegramLinkedInXPrintCopy LinkGoogle TranslateGmailThreadsShare
https://twitter.com/TIN_NETWORK_/status/1819803693346107718?t=rdxd2_–b6J2DYxwRCGnXA&s=19

বিশ্বনাথ, অসম — ৩-০৮-২০২৪ তাৰিখে শনিবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত UNITY, We the Blood Donorsৰ বিশ্বনাথ শাখাৰ উদ্যোগত আৰু চিকিৎসালয়ৰ সহযোগত এক বিশেষ ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰেই প্রথমবাৰৰ বাবে চিকিৎসালয়ত আয়োজন কৰা হৈছিল আৰু ই সফল ৰূপে সম্পন্ন হয়।

অনুষ্ঠানটোত গুৱাহাটী শাখাৰ সম্পাদিকা হিমাদ্ৰী ভৰদ্বাজৰ উপস্থিতিৰ লগতে বিশ্বনাথ শাখাৰ সদস্য সকলেও এই উদ্যোগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আজিৰ এই শিবিৰত বিশ্বনাথ শাখাৰ সদস্যৰ মাজত অৰ্জুত আহমেদ, চবিৰ আহমেদ, ৰাহুল আহমেদ, কৰণ ভূঞাঁ, জুৱেল আহমেদ, ৰাহুল শৰ্মা আৰু অপ্পু বৰুৱা মুঠ ৭ জনে ৰক্তদান কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে।

UNITY, We the Blood Donorsৰ পৰিয়ালে UNITY গুৱাহাটী শাখাৰ সম্পাদিকা হিমাদ্ৰী ভৰদ্বাজ আৰু বিশ্বনাথ শাখাৰ সদস্য অৰ্জুত আহমেদৰ বিশেষ সহায় সহযোগিতাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটোৰ সফলতা তেওঁলোকৰ সক্ৰিয় সহায়ৰ ফল।

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্তভৰালৰ সকলো বিষয়া আৰু কৰ্মচাৰী সকলক ধন্যবাদ জনাই ৰক্ত গ্ৰহণৰ ব্যৱস্থা আৰু ৰক্তদাতাৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে প্ৰশংসা জ্ঞাপন কৰা হয়।

UNITY, We the Blood Donorsৰ পৰিয়ালে সকলো সহযোগী আৰু শুভাকাংক্ষীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে।

জয়তু UNITY, We the Blood Donors!

FacebookWhatsAppTelegramLinkedInXPrintCopy LinkGoogle TranslateGmailThreadsShare
Categories:

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!